কুরআন - 6:112 সূরা আল-আনআম অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

112
وَكَذَٰلِكَ جَعَلۡنَا لِكُلِّ نَبِيٍّ عَدُوّٗا شَيَٰطِينَ ٱلۡإِنسِ وَٱلۡجِنِّ يُوحِي بَعۡضُهُمۡ إِلَىٰ بَعۡضٖ زُخۡرُفَ ٱلۡقَوۡلِ غُرُورٗاۚ وَلَوۡ شَآءَ رَبُّكَ مَا فَعَلُوهُۖ فَذَرۡهُمۡ وَمَا يَفۡتَرُونَ

আৰু এইদৰে আমি মানৱ আৰু জ্বিনৰ মাজৰ পৰা চয়তানসকলক প্ৰত্যেক নবীৰ শত্ৰু বনাইছোঁ, প্ৰতাৰণাৰ উদ্দেশ্যে সিহঁতে ইজনে সিজনক চমকপ্ৰদ বাক্যৰ দ্বাৰা কুমন্ত্ৰণা দিয়ে। তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সিহঁতে এইবোৰ নকৰিলেহেঁতেন, গতিকে তুমি সিহঁতক আৰু সিহঁতৰ মিছা ৰটনাক পৰিত্যাগ কৰা।

Sign up for Newsletter

×

Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now