কুরআন - 7:189 সূরা আল-আরাফ অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

189
۞هُوَ ٱلَّذِي خَلَقَكُم مِّن نَّفۡسٖ وَٰحِدَةٖ وَجَعَلَ مِنۡهَا زَوۡجَهَا لِيَسۡكُنَ إِلَيۡهَاۖ فَلَمَّا تَغَشَّىٰهَا حَمَلَتۡ حَمۡلًا خَفِيفٗا فَمَرَّتۡ بِهِۦۖ فَلَمَّآ أَثۡقَلَت دَّعَوَا ٱللَّهَ رَبَّهُمَا لَئِنۡ ءَاتَيۡتَنَا صَٰلِحٗا لَّنَكُونَنَّ مِنَ ٱلشَّـٰكِرِينَ

তেৱেঁই তোমালোকক এজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰা তেওঁৰ স্ত্ৰীক সৃষ্টি কৰিছে, যাতে তেওঁ স্ত্ৰীৰ ওচৰত প্ৰশান্তি লাভ কৰে। তাৰ পিছত যেতিয়া তেওঁ স্ত্ৰীৰ সৈতে মিলিত হ’ল তেতিয়া স্ত্ৰীজনী এটি লঘু গৰ্ভধাৰণ কৰিলে আৰু এইটো লৈ অনায়াসে চলা-ফুৰা কৰিব ধৰিলে। অৱশেষত যেতিয়া গা-ভাৰী হ’ল, তেতিয়া তেওঁলোক উভয়ে তেওঁলোকৰ প্ৰতিপালক আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব ধৰিলে, ‘যদি তুমি আমাক এজন সুসন্তান দান কৰা তেন্তে নিশ্চয় আমি তোমাৰ প্ৰতি কৃতজ্ঞ থাকিম’।

Sign up for Newsletter

×

Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now