কুরআন - 2:231 সূরা আল-বাক্বারা অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

231
وَإِذَا طَلَّقۡتُمُ ٱلنِّسَآءَ فَبَلَغۡنَ أَجَلَهُنَّ فَأَمۡسِكُوهُنَّ بِمَعۡرُوفٍ أَوۡ سَرِّحُوهُنَّ بِمَعۡرُوفٖۚ وَلَا تُمۡسِكُوهُنَّ ضِرَارٗا لِّتَعۡتَدُواْۚ وَمَن يَفۡعَلۡ ذَٰلِكَ فَقَدۡ ظَلَمَ نَفۡسَهُۥۚ وَلَا تَتَّخِذُوٓاْ ءَايَٰتِ ٱللَّهِ هُزُوٗاۚ وَٱذۡكُرُواْ نِعۡمَتَ ٱللَّهِ عَلَيۡكُمۡ وَمَآ أَنزَلَ عَلَيۡكُم مِّنَ ٱلۡكِتَٰبِ وَٱلۡحِكۡمَةِ يَعِظُكُم بِهِۦۚ وَٱتَّقُواْ ٱللَّهَ وَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ بِكُلِّ شَيۡءٍ عَلِيمٞ

আৰু যেতিয়া তোমালোকে স্ত্ৰীক তালাক্ব দিবা, তাৰ পিছত সিহঁত ইদ্দত সম্পূৰ্ণ কৰাৰ নিকটৱৰ্তী হ’ব তেতিয়া তোমালোকে হ’লে বিধি অনুযায়ী সিহঁতক ৰাখি দিবা নাইবা বিধিমতে সিহঁতক এৰি দিবা। সিহঁতক ক্ষতি সাধন কৰিবলৈ সীমালংঘনৰ উদ্দেশ্যে সিহঁতক আটক কৰি নাৰাখিবা। যিয়ে এনেকুৱা কৰে, সি নিজৰ ওপৰতে অন্যায় কৰে; আৰু তোমালোকে আল্লাহৰ বিধি-বিধানক ঠাট্টা-বিদ্ৰূপৰ বিষয়ৰূপে গ্ৰহণ নকৰিবা; আৰু তোমালোকে আল্লাহৰ নিয়ামতসমূহক স্মৰণ কৰা যিবোৰ তেওঁ তোমালোকক দান কৰিছে লগতে তেওঁ তোমালোকৰ ওপৰত অৱতীৰ্ণ কৰিছে কিতাব আৰু হিকমত, যাৰ দ্বাৰা তেওঁ তোমালোকক উপদেশ দিয়ে; এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা, নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সুপৰিজ্ঞাত।

Sign up for Newsletter

×

Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now