কুরআন - 2:235 সূরা আল-বাক্বারা অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

235
وَلَا جُنَاحَ عَلَيۡكُمۡ فِيمَا عَرَّضۡتُم بِهِۦ مِنۡ خِطۡبَةِ ٱلنِّسَآءِ أَوۡ أَكۡنَنتُمۡ فِيٓ أَنفُسِكُمۡۚ عَلِمَ ٱللَّهُ أَنَّكُمۡ سَتَذۡكُرُونَهُنَّ وَلَٰكِن لَّا تُوَاعِدُوهُنَّ سِرًّا إِلَّآ أَن تَقُولُواْ قَوۡلٗا مَّعۡرُوفٗاۚ وَلَا تَعۡزِمُواْ عُقۡدَةَ ٱلنِّكَاحِ حَتَّىٰ يَبۡلُغَ ٱلۡكِتَٰبُ أَجَلَهُۥۚ وَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ يَعۡلَمُ مَا فِيٓ أَنفُسِكُمۡ فَٱحۡذَرُوهُۚ وَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ غَفُورٌ حَلِيمٞ

আৰু যদি তোমালোকে আকাৰ-ইঙ্গিতত (সেইজনী) নাৰীক বিবাহৰ প্ৰস্তাৱ দিয়া অথবা অন্তৰতে গোপন ৰখা তেন্তে তোমালোকৰ কোনো পাপ নহ’ব। আল্লাহে জানে যে, তোমালোকে সিহঁতৰ বিষয়ে নিশ্চয় আলোচনা কৰিবা; কিন্তু বিধি মুতাবিক কথা-বতৰাৰ বাহিৰে গোপনে সিহঁতৰ লগত কোনো প্ৰতিশ্ৰুতি নিদিবা; আৰু নিৰ্দিষ্ট কাল পূৰ্ণ নোহোৱালৈকে বিবাহ বন্ধনৰ সংকল্প নকৰিবা; আৰু জানি থোৱা, তোমালোকৰ অন্তৰত যি আছে সেয়া আল্লাহে জানে। এতেকে তেওঁক ভয় কৰা, আৰু জানি থোৱা, নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম সহনশীল।

Sign up for Newsletter

×

Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now