কুরআন - 65:1 সূরা আল-তালাক অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

1
يَـٰٓأَيُّهَا ٱلنَّبِيُّ إِذَا طَلَّقۡتُمُ ٱلنِّسَآءَ فَطَلِّقُوهُنَّ لِعِدَّتِهِنَّ وَأَحۡصُواْ ٱلۡعِدَّةَۖ وَٱتَّقُواْ ٱللَّهَ رَبَّكُمۡۖ لَا تُخۡرِجُوهُنَّ مِنۢ بُيُوتِهِنَّ وَلَا يَخۡرُجۡنَ إِلَّآ أَن يَأۡتِينَ بِفَٰحِشَةٖ مُّبَيِّنَةٖۚ وَتِلۡكَ حُدُودُ ٱللَّهِۚ وَمَن يَتَعَدَّ حُدُودَ ٱللَّهِ فَقَدۡ ظَلَمَ نَفۡسَهُۥۚ لَا تَدۡرِي لَعَلَّ ٱللَّهَ يُحۡدِثُ بَعۡدَ ذَٰلِكَ أَمۡرٗا

হে নবী (কোৱা), তোমালোকে যেতিয়া স্ত্ৰীসকলক তালাক দিবা, তেতিয়া সিহঁতক সিহঁতৰ ইদ্দতৰ প্ৰতি লক্ষ্য ৰাখি তালাক দিবা আৰু তোমালোকে ইদ্দতৰ হিচাপ ৰাখিবা; আৰু তোমালোকৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। তোমালোকে সিহঁতক সিহঁতৰ ঘৰৰ পৰা বহিষ্কাৰ নকৰিবা আৰু সিহঁত নিজেও যেন ওলাই নাযায়, সিহঁত যদি কোনো স্পষ্ট অশ্লীলতাত লিপ্ত নহয় (তেন্তে বিষয়টো সুকীয়া)। এইবোৰ হৈছে আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা; আৰু যিয়ে আল্লাহৰ সীমাৰেখা লংঘন কৰে, সি নিজৰ ওপৰতে অন্যায় কৰে। তুমি নাজানা, সম্ভৱতঃ আল্লাহে ইয়াৰ পিছত কোনো উপায় উদ্ভাৱন কৰি দিব।

Sign up for Newsletter

×

Download Our Quran App

For a faster and smoother experience,
install our mobile app now.

Download Now