بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
وَإِذَآ أَذَقۡنَا ٱلنَّاسَ رَحۡمَةٗ مِّنۢ بَعۡدِ ضَرَّآءَ مَسَّتۡهُمۡ إِذَا لَهُم مَّكۡرٞ فِيٓ ءَايَاتِنَاۚ قُلِ ٱللَّهُ أَسۡرَعُ مَكۡرًاۚ إِنَّ رُسُلَنَا يَكۡتُبُونَ مَا تَمۡكُرُونَ
দুখ-দন্যই সিহঁতক স্পৰ্শ কৰাৰ পিছত যেতিয়াই আমি মানুহক অনুগ্ৰহৰ সোৱাদ দিওঁ তেতিয়াই সিহঁতে আমাৰ আয়াতসমূহৰ বিৰুদ্ধে অপকৌশল আৰম্ভ কৰে। কোৱা, ‘আল্লাহ কৌশল অৱলম্বনত আৰু অধিক তৎপৰ’। তোমালোকে যি অপকৌশল কৰা, নিশ্চয় আমাৰ ফিৰিস্তাসকলে সেইবোৰ লিখি ৰাখে।
هُوَ ٱلَّذِي يُسَيِّرُكُمۡ فِي ٱلۡبَرِّ وَٱلۡبَحۡرِۖ حَتَّىٰٓ إِذَا كُنتُمۡ فِي ٱلۡفُلۡكِ وَجَرَيۡنَ بِهِم بِرِيحٖ طَيِّبَةٖ وَفَرِحُواْ بِهَا جَآءَتۡهَا رِيحٌ عَاصِفٞ وَجَآءَهُمُ ٱلۡمَوۡجُ مِن كُلِّ مَكَانٖ وَظَنُّوٓاْ أَنَّهُمۡ أُحِيطَ بِهِمۡ دَعَوُاْ ٱللَّهَ مُخۡلِصِينَ لَهُ ٱلدِّينَ لَئِنۡ أَنجَيۡتَنَا مِنۡ هَٰذِهِۦ لَنَكُونَنَّ مِنَ ٱلشَّـٰكِرِينَ
তেৱেঁই তোমালোকক জল-স্থলত ভ্ৰমণ কৰায়। আনকি তোমালোকে যেতিয়া নৌযানত আৰোহণ কৰা, আৰু সেই নৌযানবোৰে আৰোহীসকলকলৈ অনুকূল বতাহৰ সহায়ত চলাচল কৰে তেতিয়া সিহঁত আনন্দিত হয়, কিন্তু হঠাৎ যেতিয়া প্ৰবল ধুমুহা আহে, আৰু চাৰিওফালৰ পৰা ঢৌ আহিবলৈ ধৰে তেতিয়া সিহঁতে নিশ্চিত ধাৰণা কৰে যে, সিহঁত (বিপদৰ দ্বাৰা) পৰিবেষ্টিত হৈছে, (তেতিয়া) সিহঁতে সৰলচিত্তে আনুগত্য সহকাৰে কেৱল আল্লাহকেই প্ৰাৰ্থনা কৰে যে, ‘তুমি যদি আমাক ইয়াৰ পৰা ৰক্ষা কৰা, নিশ্চয় আমি কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।
فَلَمَّآ أَنجَىٰهُمۡ إِذَا هُمۡ يَبۡغُونَ فِي ٱلۡأَرۡضِ بِغَيۡرِ ٱلۡحَقِّۗ يَـٰٓأَيُّهَا ٱلنَّاسُ إِنَّمَا بَغۡيُكُمۡ عَلَىٰٓ أَنفُسِكُمۖ مَّتَٰعَ ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۖ ثُمَّ إِلَيۡنَا مَرۡجِعُكُمۡ فَنُنَبِّئُكُم بِمَا كُنتُمۡ تَعۡمَلُونَ
তাৰ পিছত তেওঁ যেতিয়া সিহঁতক বিপদমুক্ত কৰে তেতিয়া সিহঁতে পৃথিৱীত অন্যায়ভাৱে সীমালংঘন কৰি থাকে। হে মানৱ! (জানি থোৱা) তোমালোকৰ সীমালংঘন কেৱল তোমালোকৰ বিৰুদ্ধেই (ক্ষতিকৰ) হয়; পাৰ্থিৱ জীৱনৰ সুখ উপভোগ কৰি লোৱা, পিছত আমাৰ ওচৰলৈকেই তোমালোকৰ প্ৰত্যাৱৰ্তন হ’ব। তেতিয়া আমি তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।
إِنَّمَا مَثَلُ ٱلۡحَيَوٰةِ ٱلدُّنۡيَا كَمَآءٍ أَنزَلۡنَٰهُ مِنَ ٱلسَّمَآءِ فَٱخۡتَلَطَ بِهِۦ نَبَاتُ ٱلۡأَرۡضِ مِمَّا يَأۡكُلُ ٱلنَّاسُ وَٱلۡأَنۡعَٰمُ حَتَّىٰٓ إِذَآ أَخَذَتِ ٱلۡأَرۡضُ زُخۡرُفَهَا وَٱزَّيَّنَتۡ وَظَنَّ أَهۡلُهَآ أَنَّهُمۡ قَٰدِرُونَ عَلَيۡهَآ أَتَىٰهَآ أَمۡرُنَا لَيۡلًا أَوۡ نَهَارٗا فَجَعَلۡنَٰهَا حَصِيدٗا كَأَن لَّمۡ تَغۡنَ بِٱلۡأَمۡسِۚ كَذَٰلِكَ نُفَصِّلُ ٱلۡأٓيَٰتِ لِقَوۡمٖ يَتَفَكَّرُونَ
পাৰ্থিৱ জীৱনৰ উদাহৰণ পানীৰ দৰে, যিটো আমি আকাশৰ পৰা বৰ্ষণ কৰোঁ, ইয়াৰ দ্বাৰা ভূমিজ উদ্ভিদ ঘন সন্নিবিষ্ট হৈ উৎপন্ন হয়, যিবোৰ মানুহে আৰু জীৱ-জন্তুৱে খায়। তাৰ পিছত যেতিয়া ভূমি সুজলা-সুফলা আৰু মনোমোহা হৈ উঠে আৰু তাৰ গিৰিহঁতে ভাৱে যে, সেইবোৰ সিহঁতৰ আয়ত্তাধীন, তেতিয়া দিনতে হওক বা ৰাতিত আমাৰ আদেশ আহি পৰে, তাৰ পিছত আমি সেইবোৰ এনেকৈ নিৰ্মূল কৰি দিওঁ যেনিবা যোৱাকালি ইয়াৰ কোনো অস্তিত্বই নাছিল। এইদৰেই আমি চিন্তাশীল সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰোঁ।
وَٱللَّهُ يَدۡعُوٓاْ إِلَىٰ دَارِ ٱلسَّلَٰمِ وَيَهۡدِي مَن يَشَآءُ إِلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ
আল্লাহে (মানুহক) শান্তিৰ আবাসৰ ফালে আহ্বান কৰে আৰু যাক ইচ্ছা কৰে সৰল পথত পৰিচালিত কৰে।
۞لِّلَّذِينَ أَحۡسَنُواْ ٱلۡحُسۡنَىٰ وَزِيَادَةٞۖ وَلَا يَرۡهَقُ وُجُوهَهُمۡ قَتَرٞ وَلَا ذِلَّةٌۚ أُوْلَـٰٓئِكَ أَصۡحَٰبُ ٱلۡجَنَّةِۖ هُمۡ فِيهَا خَٰلِدُونَ
যিসকলে ইহছানৰ সৈতে আমল কৰে (উত্তমৰূপে কাম কৰে) তেওঁলোকৰ বাবে আছে জান্নাত বৰং আৰু অধিক (আল্লাহৰ সাক্ষাৎ)। মলিনতা আৰু হীনতাই তেওঁলোকৰ মুখমণ্ডলক আচ্ছন্ন নকৰিব। তেওঁলোকেই হৈছে জান্নাতৰ অধিবাসী, তেওঁলোকে তাত অনন্তকাল বসবাস কৰিব।
وَٱلَّذِينَ كَسَبُواْ ٱلسَّيِّـَٔاتِ جَزَآءُ سَيِّئَةِۭ بِمِثۡلِهَا وَتَرۡهَقُهُمۡ ذِلَّةٞۖ مَّا لَهُم مِّنَ ٱللَّهِ مِنۡ عَاصِمٖۖ كَأَنَّمَآ أُغۡشِيَتۡ وُجُوهُهُمۡ قِطَعٗا مِّنَ ٱلَّيۡلِ مُظۡلِمًاۚ أُوْلَـٰٓئِكَ أَصۡحَٰبُ ٱلنَّارِۖ هُمۡ فِيهَا خَٰلِدُونَ
আনহাতে যিসকলে বেয়া কাম কৰে, প্ৰতিটো বেয়া কামৰ প্ৰতিদান হ’ব সেই অনুপাতেই; লগতে হীনতাই সিহঁতক আচ্ছন্ন কৰিব; আল্লাহৰ (শাস্তিৰ) পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাথাকিব; সিহঁতৰ মুখমণ্ডল এনেকৈ অন্ধকাৰাচ্ছন্ন হৈ থাকিব যেনিবা ৰাতিৰ অন্ধকাৰৰ আৱৰণে সিহঁতক ছাটি ধৰিছে। সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ’ব।
وَيَوۡمَ نَحۡشُرُهُمۡ جَمِيعٗا ثُمَّ نَقُولُ لِلَّذِينَ أَشۡرَكُواْ مَكَانَكُمۡ أَنتُمۡ وَشُرَكَآؤُكُمۡۚ فَزَيَّلۡنَا بَيۡنَهُمۡۖ وَقَالَ شُرَكَآؤُهُم مَّا كُنتُمۡ إِيَّانَا تَعۡبُدُونَ
আৰু (স্মৰণ কৰা) যিদিনা আমি সিহঁত সকলোকে একত্ৰিত কৰিম। তাৰ পিছত মুশ্বৰিকসকলক সুধিম, ‘তোমালোক আৰু তোমালোকে নিৰূপণ কৰা অংশীবিলাক (আটায়ে) নিজৰ নিজৰ স্থানত অৱস্থান কৰা’; তাৰ পিছত আমি সিহঁতক পৰস্পৰৰ পৰা পৃথক কৰি দিম, তেতিয়া সিহঁতৰ অংশীবিলাকে (সিহঁতক সম্বোধন কৰি) ক’ব, ‘তোমালোকে আমাৰ ইবাদত কৰা নাছিলা’।
فَكَفَىٰ بِٱللَّهِ شَهِيدَۢا بَيۡنَنَا وَبَيۡنَكُمۡ إِن كُنَّا عَنۡ عِبَادَتِكُمۡ لَغَٰفِلِينَ
‘প্ৰকৃততে আল্লাহেই আমাৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে যথেষ্ট যে, নিশ্চয় আমি তোমালোকৰ ইবাদত সম্পৰ্কে অজ্ঞাত আছিলোঁ’।
هُنَالِكَ تَبۡلُواْ كُلُّ نَفۡسٖ مَّآ أَسۡلَفَتۡۚ وَرُدُّوٓاْ إِلَى ٱللَّهِ مَوۡلَىٰهُمُ ٱلۡحَقِّۖ وَضَلَّ عَنۡهُم مَّا كَانُواْ يَفۡتَرُونَ
সেইদিনা প্ৰত্যেকেই পূৰ্বে কৰা নিজৰ কৃতকৰ্মসমূহ পৰীক্ষা কৰি লব আৰু সিহঁতক সিহঁতৰ প্ৰকৃত অভিভাৱক আল্লাহৰ ওচৰলৈ ওভতাই নিয়া হ’ব, তেতিয়া সিহঁতৰ উদ্ভাৱিত মিছা আৰোপীসকল সিহঁতৰ পৰা উধাও হৈ যাব।